Breaking

Friday, August 15, 2025

শ্মশানলৈ যাবচোন, জীৱনৰ মুল্য বুজি পাব- মজিবুৰ ৰহমান*। *ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ অভিনৱ অনুষ্ঠান “সান্নিধ্য”*

 *শ্মশানলৈ যাবচোন, জীৱনৰ মুল্য বুজি পাব- মজিবুৰ ৰহমান*।

*ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ অভিনৱ অনুষ্ঠান “সান্নিধ্য”*


#নকুল_রায়_গুয়াহাটি : শ্মশানলৈ যাবচোন, জীৱনৰ মুল্য বুজি পাব ৷ শুই উঠাৰ পৰা শোৱালৈ মানুহে মোক লাগে মোক লাগে বুলিয়েই অৰ্থ, অট্টালিকা তথা মান সন্মানৰ পিছত দৌৰি থাকোতেই যায় ৷ শেষত কিন্তু হয় চিতাৰ জুই অথবা কবৰত সকলো মাটিৰ লগত মিহলি হৈ যায় ৷ ৰৈ যায় মাথো মানৱতাৰ হ’কে কৰি থৈ যোৱা মানৱ জীৱনৰ কৃতিত্ব ৷ এই মন্তব্য মানৱ দৰদী জেষ্ঠ সাংবাদিক মজিবুৰ ৰহমানৰ ৷ যোৱা ১২ আগষ্টৰ সন্ধিয়া ৰঙিয়াৰ ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ মাহটোৰ বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান “সান্নিধ্য”ত বিশিষ্ট অতিথিৰ আসনৰ পৰা এনেদৰে কয় বিশিষ্ট মানৱতাৰ হ’কে জীৱন উচৰ্গিত কৰা জীৱন্ত ব্যক্তিত্বৰ উদাহৰণ মজিবুৰ ৰহমানে ৷

ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ সম্পাদক চৈয়দ মোস্তাফা আহমেদে আৰম্ভণি তথা আদৰণি জনোৱা অনুষ্ঠানটিৰ সঞ্চালনা কৰে শাখাটিৰ সভাপতি তথা সংস্কৃতিৰ পূজাৰী পংকজ পল্লৱ শৰ্মাই ৷

ৰঙিয়া প্ৰেছ ক্লাৱৰ সভাকক্ষত অনুস্থিত “সান্নিধ্য” অনুষ্ঠানটি শিক্ষয়িত্ৰী তথা সাহিত্য সভাৰ আজীৱন সভ্য ৰীতা পাচনীয়ে পৰিবেশন কৰা গীতেৰে আৰম্ভণি কৰা হয় ৷ কামৰূপ জিলা সাহিত্য সভাৰ যুৱ সংসদ উপ সমিতিৰ আহ্বায়ক তথা শাখাটিৰ প্ৰতিষ্ঠাপক সম্পাদক হেমন্ত কলিতাই প্ৰতিষ্ঠাকালৰ পৰা চলি অহা এই বিশেষ অনুষ্ঠানটিৰ বিষয়ে বিষদভাৱে বৰ্ণনা কৰে ৷ শাখাটিৰ সদ্যপ্ৰাক্তন সভাপতি তথা কামৰূপ জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক জয়ন্ত জিত কলিতাই অনুষ্ঠানটিৰ মধ্যমণি মজিবুৰ ৰহমানৰ লগত অন্তৰঙ্গ অনুষ্ঠানৰ প্ৰশ্নোত্তৰ শিতানৰ আৰম্ভণি কৰে ৷ সভাত কামৰূপ জিলা পৰিষদৰ নৱ নিৰ্বাচিত অধ্যক্ষ তথা শাখাটিৰ এজন অন্যতম মুল হোতা নিপন ভূঞা, উপ সভাপতিদ্বয় ক্ৰমে যতীন চন্দ্ৰ ডেকা, সবিতা বৰ্মন মজুমদাৰ আদিয়ে অতিথি ৰহমানৰ কৰ্মৰাজীৰ বিষয়ে চমুৱাই বক্তব্য ৰাখে ৷ অনুষ্ঠানত জনপ্ৰিয় কবি আৰিফুৰ ৰহমানে মানৱদৰদী মাজিবুৰ ৰহমানক লৈ লিখা “মানুহ” নামৰ কবিতাটি পাঠ কৰি সকলোকে আবেগিক কৰি তোলে । অনুষ্ঠানৰ মধ্যমণি মজিবুৰ ৰহমানেও স্বৰচিত 'হব দে, তই কুশলে থাক ও বোপাই’ শীৰ্ষক কবিতাটি পাঠ কৰি হৃদয় স্পৰ্শ কৰে সকলোৰে । জনপ্ৰিয় গায়ক নিয়ৰ পৰশে “মা” শীৰ্ষক জনপ্ৰিয় গীতটি পৰিবেশন কৰি অনুষ্ঠানটি সোণত শুৱগা চৰাই ৷ মুখ্য অতিথি মজিবুৰ ৰহমানে বিগত প্ৰায় দুটা দশক ধৰি শান্তি নিবাস তথা বৰ্তমান সমাজত নিজে অৰ্জন কৰা তিতা মিঠা অভিজ্ঞতাৰ বৰ্ণনা কৰি আক্ষেপ প্ৰকাশ কৰি কয় যে শান্তি নিবাসত আজিলৈ এটকাও চৰকাৰে অনুদান আগবঢ়োৱা নাই আৰু তেওঁ নিজেও এই লৈ কাৰো পৰা অনুদান বিচাৰি আজিলৈকে হাত পতা নাই। শান্তি নিবাসত বাস কৰা বয়োজেষ্ঠ সকল সমাজৰেই অংশ ৷ সমাজৰ এচাম মানৱদৰদী ব্যক্তিয়ে নিজে নিজে সাধ্যানুসাৰে তেখেতৰ মানৱতাৰ এই কৰ্মযজ্ঞত সহায় সহযোগ কৰি আহিছে ৷ জাতি ধৰ্মৰ উৰ্দ্ধত থাকি গুৰুজনাৰ আদৰ্শৰ সঠিক মূল্যায়নৰ বাবে আজিৰ এই সময় বুলি তেখেতে উল্লেখ কৰে । পুত্ৰ জীয়ৰী আৰু পত্নীসহ অসম সাহিত্য সভাক গণমুখীকৰণত আগভাগ লৈ থকা ৰণ্‌দিয়া সাহিত্য সভাৰ আজিৰ অনুষ্ঠানটিত উপস্থিত থাকিব পাৰি নিজকে ধন্য হোৱা বুলি উল্লেখ কৰে ৰহমানে ৷ শান্তি নিৱাস পৰিচালনা কৰাৰ ক্ষেত্ৰত পত্নীসহ পৰিয়াটিৰ সহযোগেহে তেওঁক অধিক উৎসাহিত কৰি আহিছে বুলিও দোহাৰে ৰহমানে। উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত বিশিষ্ট নাট্যকাৰ, গীতিকাৰ, অভিনেতা তথা পৰিচালক হেমন্ত দত্তলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বিদেহ আত্মাৰ সদ্‌গতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰে সকলোৱে ৷ উক্ত অনুষ্ঠানতে ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ জৰিয়তে নলবাৰীস্থিত শান্তি নিবাসলৈ সমাজ হিতৈষী নিপন ভূঞাই নগদ দহ হাজাৰ টকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সবিতা বৰ্মন মজুমদাৰে পাঁচ হাজাৰ টকা আৰু বিষয় শিক্ষয়িত্ৰী মামনি লহকৰে এক হাজাৰ টকা মজিবুৰ ৰহমানৰ হাতত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়ে ৷ লগতে আগন্তুক চেপ্তেম্বৰ মাহত ৰণ্‌দিয়া (শতদল) সাহিত্য সভাই শান্তি নিবাসলৈ গৈ মানবতাৰ হ’কে এদিন কটাব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ অনুষ্ঠানটিত প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাস, আজীৱন সভ্য মনালিছা গোস্বামী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুপমা দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰীণা কলিতা মহন্ত, সমাজকৰ্মী সত্যেন্দ্ৰ কলিতা, অমিয়া তালুকদাৰ,অসম সাহিত্য সভাৰ সংবাদ সাহিত্যৰ সহযোগী আহ্বায়ক পংকজ কুমাৰ শৰ্মা, নেচনেল মিডিয়া কনফেদাৰেচনৰ অসমৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ কলিতা, শিক্ষক যতীন কলিতা, নলবাৰীৰ ছাত্ৰ নেতা শংকৰ কলিতা, সংবাদকৰ্মী মইনুল হক, সমাজসেৱীকা মেঘালী কলিতা, অনিন্দিতা চৌধুৰী,অলিস্মান চৌধুৰী প্ৰমুখ্যে বহুকেইজন ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত মানৱদৰদী ৰহমানক ফুলাম গামোচা, জাপি, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰে সম্বৰ্দ্ধনা জনাই উদ্যোক্তাসকলে ৷ একেটি অনুষ্ঠানতে ৰহমানৰ সহধৰ্ম্মিণী ছোনীয়া বেগমকো আদৰণি জনোৱা হয় ৷ ৰঙিয়া প্ৰেছ ক্লাৱৰ সম্পাদক তথা শাখা সভাটিৰ পত্ৰিকা সম্পাদক ফাৰুক হুছেইনে নিজৰ অনুভৱ ব্যক্ত কৰাৰ উপৰি সভাসদক শলাগ জ্ঞাপন কৰে ৷ জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ৷

(((এই বিশেষ লেখাটি অসমিয়া ভাষাতেই প্রকাশিত হল।)))

No comments:

Post a Comment